Local, Vocal, Global

শোকাৱহ পথ দুৰ্ঘটনা ! অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু তিনিজন চালকৰ…

ডিজিটেল ডেস্ক:- ওড়িশাৰ ঝাৰছুগুডা জিলাত শোকাৱক দুৰ্ঘটনা।বুধবাৰে উৰিষ্যাৰ ঝাৰচুগুড়া জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৪৯ৰ সদৰ আৰক্ষী থানাৰ ওচৰত সংঘটিত হয় দুৰ্ঘটনাটো।ৰাজপথত তিনিখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।আৰক্ষীয়ে জনোৱা মতে, সংঘৰ্ষৰ পিছত তিনিখন ট্ৰাকৰ চালক কেইজন বাহনৰ পৰা নামিব নোৱাৰে ফলত ট্ৰাকৰ ভিতৰতে জীৱিত অৱস্থা জ্বলি মৃত্যু মুখত পৰে।।

সূত্ৰঅনুসৰি, পুৱা প্ৰায় ১ বজাত বেলপাহাদ অভিমুখী ট্ৰেইলাৰ, এটা হাইভা আৰু আন এখন ট্ৰাক ইজনে সিজনৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে বাহনসমূহত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

খবৰ অনুসৰি এখন ট্ৰাক কয়লাৰে ভৰ্তি আছিল। ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পিছত, অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে। ইফালে, আৰক্ষীয়ে মৃতদেহউদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। ক্ষতিগ্ৰস্ত ট্ৰাকবোৰ আজি ৰাতিপুৱা এটা ক্ৰেইনৰ সহায়ত ঘাইপথৰ পৰা আঁতৰই লৈ যায়।মৃতকৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।