Tragic road accident in Sipajhar:ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী ছাত্ৰী
ছিপাঝাৰ,৭জানুৱাৰী : ছিপাঝাৰৰ গোৱালঝাৰত শোকাৱহ পথ দুৰ্ঘটনা।
কলেজচক-লাউজান সংযোগী পথত সংঘটিত হয় এই দুৰ্ঘটনাটো।
ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী স্কুলীয়া ছাত্ৰী।
নিহত ছাত্ৰী গৰাকী পকাদলি হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কাকুমণি ডেকা(Tragic road accident in Sipajhar)।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ NL-02-Q-8487।
কি কাৰণত উক্ত ঠাইলৈ ছাত্ৰীগৰাকী আহিছিল সেয়া জানিব পৰা হোৱা নাই।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে আবদ্ধ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন।
কোম্পানীৰ পাইপ পৰিবাহী আছিল ট্ৰাকখন।
লগতে পঢ়ক :North guwahati News: এইবাৰ শিক্ষকৰ ৰূপত কামৰূপ জিলা আয়ুক্ত