Local, Vocal, Global

Tragic Road Accident in Lakhimpur : ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত দুই যুৱক

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী : ভয়ংকৰ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ফলত থিতাতে নিহত দুজন যুৱক(Tragic Road Accident in Lakhimpur ) ।

লখিমপুৰৰ চৰাইমৰীয়া বাইপাছত শনিবাৰৰ নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

জানিব পৰা মতে, চৰাইমৰীয়াত দোকান সামৰি দুই যুৱকে নিশা প্ৰায় দহ মান বজাত AS০৭L ৮৮১০ নম্বৰৰ গ্লেমাৰ বাইকেৰে ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে চৰাইমৰীয়া বাইপাছত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে দুয়ো যুৱক । এই ঘটনাৰ পাচতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে । নিহত যুৱক দুজন চিয়াজুলি মাজগাঁৱৰ বিষ্ণু শইকীয়া (২৮) আৰু আনজন কদম টেঙাবস্তিৰ মৃদুল গোপাল (২১) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, লখিমপুৰৰ বাইপাছটো কিলাৰ পথ হিচাপে পৰিগণিত হৈছে । সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই বাইপাচটোত । এনে দুৰ্ঘটনাসমূহত ইতিমধ্যে বহুজনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে(Tragic Road Accident in Lakhimpu) ।

অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা অনুসৰি, বাইপাছটোত একাংশ চালকৰ মইমতালিৰ বাবে এনে দুৰ্ঘটনাসমূহ ঘটিব ধৰিছে । আনকি বাইপাছটোত একাংশ যান বাহনৰ তীব্ৰ গতিৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ আহি বুলি অভিযোগ উত্থাপন হৈছে একাংশ ট্ৰাক চালকৰ মইমতালিও ইয়াৰ বাবে দায়ী ।

লগতে পঢ়ক : Tragic incident in Juria : ৫ টকীয়া চিপছৰ পেকেটৰ বাবে নিৰ্মম কাণ্ড, বিদ্যালয়ৰ পৰা চোচোৰাই আনি শিক্ষকৰ সন্মুখতেই প্ৰহাৰ কনমানি ছাত্ৰীক