Local, Vocal, Global

Tragic incident in Juria : ৫ টকীয়া চিপছৰ পেকেটৰ বাবে নিৰ্মম কাণ্ড, বিদ্যালয়ৰ পৰা চোচোৰাই আনি শিক্ষকৰ সন্মুখতেই প্ৰহাৰ কনমানি ছাত্ৰীক

জুৰীয়া, ১৭ ফেব্ৰুৱাৰী : জুৰীয়াৰ উদমাৰী গাঁৱত সংঘটিত হৈছে এক চৰম অমানৱীয় ঘটনা। সামান্য ৫ টকীয়া এপেকেট চিপচৰ বাবেই নিৰ্মমভাৱে প্ৰহাৰ এগৰাকী কণমানী ছাত্ৰীক। মধ্য উদমাৰীৰ মোক্তাৱ স্কুলত সংঘটিত হয় এই ঘটনা(Tragic incident in Juria )।

অভিযোগ মতে জুৰীয়াৰ উদমাৰী গাঁৱৰ গুণ্ডাৰূপী দোকানী আমিনুল ইছলামৰ আক্ৰমণত আহত হয় এগৰাকী কণমানি ছাত্ৰী। স্কুলখনৰ শিক্ষয়িত্ৰী আৰু ভূক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ভাষ্য অনুসৰি জুৰীয়াৰ উদমাৰী মোক্তাৱ স্কুলৰ দ্বিতীয় শ্ৰেণীৰ কণমানি ছাত্ৰী গৰাকীয়ে দুপৰীয়া জিৰণিৰ সময়ত সমনীয়াৰ সৈতে স্কুলৰ সন্মূখত থকা দোকানলৈ গৈ এটি চিপছৰ পেকেট কিনি ভুলবশত 5 টকা নিদিয়াৰ ফলত দোকানী আমিনুল ইছলামে শিক্ষক শিক্ষয়িত্ৰীৰ সন্মুখতেই কণমানী ছাত্ৰীগাৰাকীক স্কুলৰ ভিতৰৰ পৰা চুলিত ধৰি টানি আনি গুৰুলা গুৰুলাকৈ প্ৰহাৰ কৰে(Tragic incident in Juria )।

গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত কণমানি ছাত্ৰীগৰাকীৰ পৰিয়ালে ন্যায় বিচাৰি জুৰীয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। সম্প্ৰতি উক্ত ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।