Local, Vocal, Global

Tragic Road Accident in Bilasipara : ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত কলেজীয়া ছাত্ৰ

বিলাসীপাৰা,২৭মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত কলেজীয়া ছাত্ৰ,গুৰুতৰভাৱে আহত আন এজন(Bilasipara)।

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে বিলাসীপাৰা ১৭নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, বিলাসীপাৰা বি,এম, জুনিয়ৰ কলেজৰ পৰা নিজ ঘৰ অভিমুখে মটৰ চাইকেলৰে গৈ থকাত অৱস্থাত সোনামুখীত নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰে মটৰ চাইকেলখনে ফলত থিতাতে নিহত হয় এজন । নিহত ছাত্ৰজন আবু ছায়েদ আহমেদ,ঘৰ বিলাসীপাৰাৰ ছুৱাপাতা ৫ম খণ্ডৰ বুলি জানিব পৰা গৈছে। আনহাতে আহত ছাত্ৰজনক সংকট জনক অৱস্থাত উন্নত চিকিৎসা বাবে বঙাইগাঁও লৈ প্ৰেৰণ। দুৰ্ঘটনাগ্ৰস্থ বাইক খনৰ নম্বৰ As17M2286(Bilasipara) ।

লগতে পঢ়ক : Liquor prices to increase in Assam from April 1: ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে দুঃখবৰ;১ এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম