Local, Vocal, Global

Naga Miscreants Firing : নগা দুৰ্বৃত্তৰ গুলীচালনা

নিউজ ডেস্ক,২৭মাৰ্চ : পোহনীয়া গৰু বিচাৰি যোৱা অসমৰ লোকলৈ নগাৰ গুলী । নগা দুৰ্বৃত্তৰ গুলীচালনাত আহত শ্ৰমিক (Naga Miscreants Firing)।

অসম চৰকাৰে সীমান্তৱৰ্তী ৰাজ্যসমূহৰ লগত সু-সম্পৰ্ক স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে । কিন্তু তাৰ মাজতে চৰাইদেউৰ নামতোলাত নগা দুৰ্বৃত্তই গুলীচালনাৰ ঘটনা সংঘটিত কৰে।

জানিব পৰা মতে মঙলবাৰে সন্ধিয়া নামতোলা অঞ্চলৰ বাসিন্দা সুৰেশ মুণ্ডা নামৰ শ্ৰমিকজনে নিজৰ পোহনীয়া গৰু বিচাৰি কাষৰীয়া অভয়পুৰ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰোঁতে পূৰ্বৰ পৰাই তাত মজুত থকা তিনিজনীয়া অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ দল এটাই শ্ৰমিক জনক লক্ষ কৰি গুলীচালনা কৰে।

ঘটনাটো সংঘটিত কৰি দুৰ্বৃত্তৰ দলটো নগালেণ্ডৰ অভিমুখে পলায়ন কৰে। হাত আৰু ভৰিত গুলি লগাৰ ফলত গুৰুতৰ ভাৱে আহত হোৱা শ্ৰমিক জনক স্থায়ী ৰাইজে উদ্ধাৰ কৰি ততাতয়াকৈ ৰজাপুখুৰী স্থিত জিলা অসামৰিক চিকিৎসালয়ত আনি ভৰ্তি কৰে।

আহত শ্ৰমিক জনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাটোৱে সোণাৰিৰ সীমান্তৱৰ্তী নামতোলাত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত কৰি পলায়ন কৰা নগা দুৰ্বৃত্তৰ দলটোক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰে শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীক দাবী জনাইছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও চৰাইদেউৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চলত নগা দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি আহিছে । সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ পোহনীয়া জীৱ-জন্তুও মাৰণাস্ত্ৰ দেখুৱাই ভয়-ভাবুকিৰে কাঢ়ি লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে(Naga Miscreants Firing) ।

লগতে পঢ়ক :Tragic Road Accident in Bilasipara : ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত কলেজীয়া ছাত্ৰ