Local, Vocal, Global

সুৰাত মগন হৈ সংঘটিত কৰিলে শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ৩ আগষ্ট : মহানগৰীত সুৰাসক্ত চালকৰ উদ্ভাণ্ডালি। সুৰাত মগন হৈ সংঘটিত কৰিলে শোকাৱহ পথ দুৰ্ঘটনা।

বুধবাৰে গুৱাহাটীৰ অসম সচিবালয়ৰ( Assam secretariat) সন্মুখত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰায় তিনিজন লোক আঘাতপ্ৰাপ্ত হয়।

বাতৰি অনুসৰি, যোৱা নিশা গুৱাহাটীৰ দিছপুৰ অঞ্চলৰ জনতা ভৱনৰ সন্মুখত এখন দ্ৰুতবেগী ট্ৰাকে ডিভাইডাৰৰ ৰেলিঙত খুন্দা মৰাৰ পাছত ট্ৰাকখন ওলোটা হৈ পৰি যায়।

যাৰ ফলস্বৰূপে তিনিজন লোক আঘাতপ্ৰাপ্ত হয়, আনহাতে ঘটনাটোত এতিয়ালৈকে কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই। দুৰ্ঘটনা সংঘটিত কৰা মালবাহী ট্ৰাকৰ পঞ্জীয়ন নম্বৰ আছিল AS 01 BC 9073।

উল্লেখ্য যে, ট্ৰাকখনত চালক আৰু হেণ্ডিমেনৰ সৈতে চাৰিজন শ্ৰমিকসহ মুঠ ছয়জন লোক আছিল, যাৰ ভিতৰত তিনিজন ঘটনাটোত আহত হৈছে।

দুৰ্ঘটনাটোৰ ফলত ৰেলিঙত গোটেই মাটি পৰি গৈছিল। তদুপৰি, ট্ৰাকৰ সন্মুখৰ চকাবোৰো ছিঙি গৈছিল।

আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। আৰক্ষীৰ সন্দেহ অনুসৰি ট্ৰাকৰ চালকজন সুৰাৰ নিচাত থকাৰ ফলত ঘটনাটো সংঘটিত হৈছিল।