Local, Vocal, Global

ৰাজ্যখনৰ প্ৰায় আঠখন জিলা বৰ্তমানেও বানপানীৰ কৱলত

নিউজ ডেস্ক, ৩ আগষ্ট : ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত অসমৰ কিছু অংশত নতুনকৈ হোৱা বৰষুণৰ ফলত ৩৬,০০০ ৰো অধিক লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে।

ASDMA-ৰ তথ্য অনুসৰি, ৰাজ্যখনৰ প্ৰায় আঠখন জিলা বৰ্তমানেও বানপানীৰ কৱলত আছে। সেইকেইখন হৈছে বজালী, বাক্সা, চিৰাং, দৰং, ধেমাজি, লখিমপুৰ, তামোলপুৰ আৰু ওদালগুৰি।

আনহাতে, ১২ টা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৯১ খন গাওঁ এতিয়াও বানপানীৰ দ্বাৰা আংশিক বা সম্পূৰ্ণৰূপে প্ৰভাৱিত হৈ আছে।

ASDMA-য়ে জনোৱা অনুসৰি বৰ্তমানেও আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩৬,৬০১ জন, আনহাতে ৰাজ্যখনত এতিয়াও প্ৰায় ৪৩২৩.৩২ হেক্টৰ শস্যভূমি জলমগ্ন হৈ আছে।

ৰাজ্যজুৰি বৰ্তমান ১১ টা সাহায্য শিবিৰ আৰু ১০ টা সাহায্য বিতৰণ কেন্দ্ৰই এতিয়াও বানপীড়িত সকলক সাহায্য সামগ্ৰী আৰু আশ্ৰয় প্ৰদানৰ বাবে কাম কৰি আছে।

তদুপৰি, ASDMA-ৰ তথ্য অনুসৰি নতুনকৈ বানপানীহোৱা অঞ্চলবোৰত প্ৰায় ৫৪,৭৮০ টা জন্তুও প্ৰভাৱিত হৈ আছে।