Local, Vocal, Global

ৰাজ্যত পুনৰ শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১২ জুন : ধেমাজি জিলাৰ অন্তৰ্গত চিলাপথাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

চিলাপথাৰৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৪জন লোক। আনহাতে আন ৪ জন লোক গুৰুত্বৰভাৱে আহত হয়।

খবৰ অনুসৰি দুৰ্ঘটনাত আহত হোৱা ৪ জনৰ অৱস্থা অতি সংকটজনক ।

উল্লেখ্য যে, নিয়ন্ত্ৰণ হেৰুৱাই এখন জাইল’ বাহনে দলঙৰ ৰেলিঙত খুন্দামৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।