Local, Vocal, Global

পাকিস্তানত প্ৰাকৃতিক দুৰ্যোগ

নিউজ ডেস্ক, ১২ জুলাই : ধাৰাসাৰ বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানপানী আৰু অন্যান্য দুৰ্যোগৰ ফলত বেলুচিস্তানত ২৪ টা শিশুকে ধৰি প্ৰায় ৬২ জন লোকে প্ৰাণ হেৰুৱাইছে।

পাকিস্তানৰ প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (PDMA) প্ৰতিবেদন অনুসৰি Bolan, Quetta, Zhob, Dakki, Khuzdar, Kohlu, Ketch, Mastung, Harnai, Qila Saifullah  আৰু Sibiৰ পৰা মৃত্যুৰ খবৰ লাভ কৰিছিল ।

বেলুচিস্তান প্ৰদেশত সংঘটিত হোৱা বিভিন্ন দুৰ্ঘটনাত প্ৰায় ৪৮ জন লোক আহত হৈছিল, আনহাতে ৬৭০ টাতকৈও অধিক ঘৰ খহি পৰিছিল।

শেহতীয়া বাৰিষাৰ বৰষুণৰ ফলত, হাব বান্ধৰ পানীৰ স্তৰ ৩৩৪ ফুটলৈ বৃদ্ধি হৈছে, আনহাতে বান্ধৰ পানীধৰি ৰখাৰ ক্ষমতা ৩৩৯ ফুট।

সোমবাৰে Karachiত হোৱা ধাৰাসাৰ বৰষুণৰ পিছত চহৰখনৰ কিছু অংশ জলমগ্ন হৈ পৰে, যাৰ ফলত প্ৰাদেশিক কৰ্তৃপক্ষই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বৰষুণৰ জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল।

তদুপৰি, বিভিন্ন স্থানত চাৰিজন লোকবিদ্যুৎস্পৃষ্ট হৈছিল।

ইফালে, পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগে (PMD) ১৪ জুলাইৰ পৰা কৰাচী আৰু সিন্ধুৰ অন্যান্য অংশত ব্যাপক বৰষুণৰ আগজাননী দিছে।

PMDৰ পৰামৰ্শ অনুসৰি, ১৪ জুলাইৰ পৰা এক শক্তিশালী বৰষুণ প্ৰণালী পাকিস্তানত প্ৰৱেশ কৰিব, যি ক্ৰমান্বয়ে কেন্দ্ৰীয় আৰু ওপৰৰ সিন্ধুত বিয়পি পৰাৰ সম্ভাৱনা আছে।

ইফালে, শ্বেহবাজ শ্বৰীফ চৰকাৰে শক্তিৰ অভাৱৰ বাবে ইয়াৰ পূৰ্বৰ Pakistan Tehreek-e-Insafক (PTI) দোষাৰোপ কৰিছে।