Local, Vocal, Global

Tragic Incident in Mohanpur:বনভোজ দলৰ জেনেৰেটৰ বিস্ফোৰণ;জীৱন্ত অগ্নিদগ্ধ ৯জনকৈ লোক

নেশ্যনেল ডেস্ক,৬জানুৱাৰী : ত্ৰিপুৰাত ভয়ংকৰ ঘটনা । ত্ৰিপুৰাত বনভোজ দলৰ জেনেৰেটৰ বিস্ফোৰণ । বিস্ফোৰণৰ পাছতে জ্বলি ভস্মীভূত বাহন(Tragic Incident in Mohanpur)।

ত্ৰিপুৰাৰ মোহনপুৰত দেওবাৰে সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো । ১০৮ (বি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ জগতপুৰ চৌমুনি অঞ্চলত বনভোজ খাই ওভতাৰ পথতত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।এই ঘটনাৰ ফলত বাছখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় জুইৰ শিখাই আগুৰি ধৰে। এই অগ্নিকাণ্ডৰ ফলত ৯জনকৈ লোক জীৱন্তে অগ্নিদগ্ধ হয় ।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি তাৎক্ষণিক চিকিৎসাৰ বাবে মোহনপুৰ চিকিৎসালয়লৈ লৈ যায়।মোহনপুৰ চিকিৎসালয়ত আহতসকল প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে আগৰতলাৰ জি বি পন্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়( Picnic Bus Catches Fire Following Generator Blast)।

এই ঘটনাক লৈ মুখ্যমন্ত্রী ড০ মাণিক সাহাই গভীৰ উদ্বেগ প্রকাশ কৰি আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্রার্থনা প্রকাশ কৰে৷

লগতে পঢ়ক :BJP Leader Found Dead :জালুকবাৰী জিলা মণ্ডলৰ সভাপতি কমল দে’ৰ মৃতদেহ উদ্ধাৰ