BJP Leader Found Dead :জালুকবাৰী জিলা মণ্ডলৰ সভাপতি কমল দে’ৰ মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক,৬জানুৱাৰী : মহানগৰীৰ পাণ্ডুত চাঞ্চল্যকৰ ঘটনা। জালুকবাৰী জিলা মণ্ডলৰ সভাপতি কমল দে’ৰ মৃত্যু। মূৰত আঘাতপ্ৰাপ্ত অৱস্থাত ঘৰৰ সমীপত উদ্ধাৰ হয় বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি কমল দে’ক( BJP Leader Found Dead)।
প্ৰাতঃভ্ৰমণত যোৱা লোকে পথৰ সমীপত মূমূৰ্ষ অৱস্থাত প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে।
জানিব পৰা মতে,স্কুটাৰত আহি থাকোতে দুৰ্ঘটনাত পতিত হৈছিল৷ দুৰ্ঘটনাত মূৰত আঘাত পাইছিল ।
লগতে পঢ়ক :Panchayat Election :কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা