WATCH | Tragic incident : তীব্ৰবেগী বাহনৰ খুন্দাত নিহত চালক
নগাঁও,২৫মে’ : ৰাঙলুৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাহনে মহতীয়াই নিয়ে এজন চালকক।
ফলত থিতাতে নিহত হয় চালকজন।নিহত চালকজন শিয়াৰাম ঘৰ বিহাৰ বুলি জানিব পৰা গৈছে(Tragic incident)।
জানিব পৰা মতে, ৰাঙলুত গাড়ী ৰখাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নিজ বাহন ৰখাই ঘাইপথ পাৰ কৰিব যাওঁতেই তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে লোকজনক ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বাৰ NLO1 AJ 2989 বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখন এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই।