WATCH | Tragic incident : ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন, আহত এজন
জামুগুৰিহাট,৪মে’ : শোণিতপুৰৰ ৰঙাপৰা ধূলাপাদুং চেণ্টাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে। দুৰ্ঘটনাত ই-ৰিক্সাৰ চালকজন নিহত হয় আৰু ই-ৰিক্সাখনত থকা এজন যাত্ৰী গুৰুতৰ ভাৱে আহত হয়।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙাপৰা-তেজপুৰ সংযোগী পথত As-12-CC-6008 নম্বৰৰ নতুন ই-ৰিক্সাখন ধুলাপাদুং চেণ্টাৰৰ দিশে গৈ আছিল আৰু বিপৰীতে দিশৰ পৰা তীব্ৰ বেগত আহি থকা নম্বৰ বিহীন বাহনখৱে নিয়ন্ত্ৰণ হেৰুৱাই ই-ৰিক্সাখনত প্ৰচণ্ড খুন্দা মাৰে(Tragic incident)।
ফলত পথ দুৰ্ঘটনাত দণ্ডিয়াবস্তিৰ গাঁৱৰ নৰেশ ঠাকুৰ নিহত আৰু ই-ৰিক্সাখনৰ চালক শংকৰ দাস গুৰুত্বৰ ভাবে আহত হয় ৷ উত্তেজিত ৰাইজে লগে লগে ৰঙাপৰা-তেজপুৰ সংযোগী পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।