Local, Vocal, Global

Tragic Accidents in Silchar : ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত আৰক্ষী জোৱান

নিউজ ডেস্ক, ১৬ এপ্ৰিল : ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত আৰক্ষীয়ে জোৱান(Tragic Accidents in Silchar)।

শিলচৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । সোমবাৰে নিশা শিলচৰৰ ৰামনগৰ- ঘুংগুৰ বাইপাছত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । ফলত থিতাতে নিহত হয় এজন আৰক্ষী জোৱান । নিহত আৰক্ষী জোৱান জন জয় প্ৰকাশ গোৱালা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, গোৱালা শিলচৰৰ কাঠালস্থিত ৬ষ্ঠ অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত আছিল আৰক্ষী জোৱান। সোমবাৰে নিশা স্কুটীৰে গৈ থকা সময়ত স্কুটী নিয়ন্ত্ৰণ হেৰুৱাই নে কোনো বাহনে খুণ্ডা মৰাৰ ফলত জোৱান জনৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই(Tragic Accidents in Silchar)।

ইফালে, এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে মঙলবাৰে পুৱা শিলচৰ ট্ৰেফিক আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Guwahati Traffic Advisory Issued Ahead of PM Modi’s Visit Today : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ;যান-বাহন আৰক্ষীৰ বিশেষ পথ নির্দেশনা