Tragic Accidents in Bishwanath : ৰঙালী বিহুৰ আনন্দ উল্লাহৰ মাজতে হুচৰি দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক,১৭ এপ্ৰিল : ৰঙালী বিহুৰ আনন্দ উল্লাহৰ মাজতে হুচৰি দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ।
বিশ্বনাথৰ মোনাবাৰীত সংঘটি হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।
জানিব পৰা মতে,মঙলবাৰে নিশা বালিপুখুৰীৰ পৰা এটা হুচৰিৰ দলে গান গাবলৈ মোনাবাৰীলৈ গৈছিল ৷ মোনাবাৰীৰ পৰা হুচৰি গাই উভতি অহাৰ পথত দলটো কঢ়িয়াই নিয়া টাটা মেজিক বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰে(Tragic Accidents in Bishwanath) ৷
জানিব পৰা মতে, টাটা মেজিক বাহনখনৰ পিছফালে উঠি গৈছিল ২০ জন লোক ৷ এই দুৰ্ঘটনাটোত আহত হ য় কেইবাজনো লোক ৷ আহত লোকসলক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
দলটোৰ নামতি আৰু নাচনিসহ তিনি গৰাকী মহিলা গুৰুতৰভাৱে আহত হয় ৷ আহত হোৱা মহিলা কেইগৰাকী ক্ৰমে কাঞ্চন কেওঁট, নিৰু শইকীয়া আৰু ভবানী বৰা বুলি জানিব পৰা গৈছে ৷