Local, Vocal, Global

29 Maoists killed in Bastar encounter : নক্সালবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ; নিহত ২৯ টা নক্সালবাদী

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল : নক্সালবাদীৰ বিৰুদ্ধে কাংকেৰত নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান চলায়(29 Maoists killed in Bastar encounter)।

নিৰাপত্তা বাহিনীৰ এই অভিযানত নক্সালবাদী আৰু জোৱানৰ মাজত সংঘৰ্ষ হয় আৰু সংঘৰ্ষ ২৯ টা নক্সালবাদী নিহত হয় । এই কথা নিশ্চিত কৰিছে বাষ্টাৰৰ আই জিয়ে ।

বাষ্টাৰৰ আই জি সুন্দৰৰাজ পিয়ে কয় যে, “কাংকেৰৰ ছোটাবেঠিয়াত তালাচীৰ সময়ত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষত ২৯ টা নক্সালবাদী নিহত হয়।বৰ্তমান আটাইকেইটা নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে(29 Maoists killed in major anti-Naxal operation in Chhattisgarh’s Kanker) ।

বাষ্টাৰৰ আই জি সুন্দৰৰাজ পিয়ে লগতে কয় যে এই এনকাউণ্টাৰত তিনিজন জোৱান আহত হৈছে । তিনিওজন জোৱানৰ অৱস্থা বৰ্তমান সংকটমুক্ত আৰু মাওবাদীক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে । এতিয়াও সকলোৰে পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই । সেই স্থানৰ পৰা উদ্ধাৰ হৈছে বহু অত্যাধুনিক অস্ত্ৰ । এই এনকাউণ্টাৰত কাংকেৰৰ ডি আৰ জি আৰু বি এছ এফৰ দলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।”

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যখনত অবিৰতভাৱে সংঘটিত হৈ আছে নক্সালবাদীৰ কূটাঘাত । নির্বাচনক কেন্দ্ৰ কৰিও নক্সালবাদীৰ কাৰ্যকলাপ ক্রমাৎ বৃদ্ধি পোৱাৰ কাৰণ বুলি বিবেচিত হৈছে ৷ এই কাৰণেই ইতিমধ্যে নিৰ্বাচন সন্দৰ্ভত সজাগ হৈ পৰিছে জোৱানসকল । তাৰ ফলস্বৰূপে নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ ওপৰত বৃহৎ আক্ৰমণ চলায় ।

লগতে পঢ়ক : First phase of voting on 19th, election campaign will stop today : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন