Local, Vocal, Global

Tragic Accident in Golaghat : পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকসহ বাহন

নিউজ ডেস্ক,১২মে’ : এক শোকাৱহ দুৰ্ঘটনা । পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকসহ বাহন ।

গোলাঘাট জিলাৰ নাওজানত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা । শনিবাৰে নিশা নাওজানত দুৰ্ঘটনাত পতিত হৈ মৃত্যু এজন যুৱকৰ । শনিবাৰে নিশা দুৰ্ঘটনাত পতিত হৈ পুৱালৈ পানীতে উপঙি থাকিল বাহনসহ যুৱকৰ। দেওবাৰে পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো । নিহত যুৱকজন ১ নং মৰাজানৰ অনুপম গগৈ বুলি চিনাক্ত হৈছে(Tragic Accident in Golaghat) ।

ৰাইজে সন্দেহ কৰা অনুসৰি শনিবাৰে নিশা মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছিল যুৱকৰজনে । ফলত মটৰ চাইকেলসহ জলাশয়ত পৰে যুৱকজনে। দুৰ্ঘটনাত পতিত মটৰ চাইকেলখনৰ নম্বৰ AS-05-V-6547 ।

দেওবাৰে পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ লগে লগে ঘটনাসন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ লগতে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক খবৰ দিয়ে ।

এই দুৰ্ঘটনাক লৈ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক : Arunachal foreign liquor worth Rs 15 lakh seized in Majbat : মাজবাটত জব্দ ১৫ লাখ টকাৰ অৰুণাচলী বিলাতী সুৰা