Local, Vocal, Global

Tragic Accident in Duliajan : শোকাৱহ পথ দুর্ঘটনা; তীব্ৰবেগী ডাম্পাৰ আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষ

নিউজ ডেস্ক, ২অক্টোবৰ : শোকাৱহ পথ দুর্ঘটনা (Road Accident)। তীব্ৰবেগী ডাম্পাৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ । ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন(Tragic Accident in Duliajan)।

দুলীয়াজানত শোকাৱহ পথ দুর্ঘটনা। সোমবাৰে পুৱা দুলীয়াজানত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দা স্কুটীক । ফলত থিতাতে নিহত স্কুটী আৰোহী । স্কুটী থকা আন দুজন গুৰুতৰভাৱে আহত । সংকটজনক অৱস্থাত অইল চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত দুজনক। দুলীয়াজান-মধুৱন সংযোগী পথৰ ১ নং বৰপথাৰ তিনিআলিত সংঘটিত হয় এই শোকাৱহ পথ দুর্ঘটনা(Road Accident in Duliajan)।

জানিব পৰা মতে, AS23 AF 4018 নম্বৰৰ স্কুটীখন দুলীয়াজানৰ পৰা মধুৱন অভিমুখে গৈ আছিল। বিপৰীত দিশৰ পৰা এখন হালধীয়া ৰঙৰ ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় এজন যুৱক। আন দুজন গুৰুতৰভাৱে আহত হয়। আহত যুৱক আৰু যুৱতীক গৰাকীক দুলীয়াজান আৰক্ষীয়ে অইল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতেই চিকিৎসকে যুৱতীগৰাকীক মৃত বুলি ঘোষণা কৰে।

দুৰ্ঘটনাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে AS23 AF4018 নম্বৰৰ স্কুটীখন। এই পৰ্যন্ত মৃত যুৱক-যুৱতীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখন । দুলীয়াজান আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে দুলীয়াজানৰ বিহুতলীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কৰম উৎসৱৰ পৰা উভতাৰ পথত এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

লগতে পঢ়ক :Tragic Accident In Tamil Nadu : এক মৰ্মান্তিক দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুওৱাই খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ