Tragic Accident In Tamil Nadu : এক মৰ্মান্তিক দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুওৱাই খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

নেশ্যনেল ডেস্ক, ১অক্টোবৰ : শোকাৱহ পথ দুৰ্ঘটনা (Tamilnadu Bus Accident)। নিয়ন্ত্ৰণ হেৰুওৱাই খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ । ফলত মৃত্যু ৯ জন লোকৰ, আহত কেইবাগৰাকী লোক(Tragic Accident In Tamil Nadu) । তামিলনাডুত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো ।
উল্লেখ্য যে, শনিবাৰে তামিলনাডুৰ নীলগিৰিৰ পাহাৰীয়া জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাটো। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুওৱাই দ’ খাৱৈত বাগৰি পৰে(9 Killed As Tourist Bus Plunges Into Gorge) ।
জানিব পৰা মতে, বাছখনত পৰ্যটক আছিল। বাছখনত ৫৫জন যাত্ৰী আছিল । ইয়াৰে ৯জন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাগৰাকী লোক । মৃতসকলৰ ভিতৰত মহিলা আৰু এটা শিশু আছিল। উদ্ধাৰকাৰী দলে যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ তেওঁলোকৰ ওচৰলৈ ৰছী ব্যৱহাৰ কৰি যাবলগীয়া হৈছিল।
শনিবাৰে সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাটোৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। লগতে মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। আনহাতে আহত সকললৈ ৫০,০০০ টকৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।
ইয়াৰোপৰি শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি আৰ্থিক সাহায্য ঘোষণা কৰে।তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ ফলত মৃত হোৱা পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আহত সকললৈ ৫০,০০০ টকৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব(Tamilnadu Bus Accident)।