Illegal liquor : অবৈধ সুৰাৰ ব্যৱসায়েৰে গাঁ কৰি উঠিছে দ্বাৰাগাঁও

বাক্সা, ১২ জুন : পৰ্যটনস্থলী নে সুৰা সেৱনস্থলী।অবৈধ সুৰাৰ ব্যৱসায়েৰে গাঁ কৰি উঠিছে দ্বাৰাগাঁৱত।বাইক ৰাইডাৰৰ অতপালি পৰ্যটনস্থলীত (Illegal liquor) ।
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত দ্বাৰাগাঁও এতিয়া ৰাজ্যখনৰ ভিতৰতে জনপ্ৰিয় পৰ্যটনস্থলী । ভূটান পাহাৰৰ সেউজ পৰিৱেশ আৰু নদীৰ পানীয়ে হাতবাউল দি মাতে পৰ্যটকক। দৈনিক আগমন ঘটে শ শ পৰ্যটকৰ । কিন্তু বৰ্তমান সময়ত এই মনোৰম ঠাই বাক্সাৰ জনপ্ৰিয় পৰ্যটনস্থলী দ্বাৰাগাঁও পৰ্যবেসিত হৈছে সুৰা সেৱনস্থলীলৈ (Tourist alcohol consumption)।
পৰ্যটকে মুকলিকৈ পান কৰিছে সুৰা । আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে অগণন লোকৰ সমাৱেশ ঘটা বাক্সাৰ জনপ্ৰিয় পৰ্যটনস্থলী দ্বাৰাগাঁৱত একাংশ সুৰাপায়ী লোকৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত মুকলিকৈ বিক্ৰী কৰি আহিছে অবৈধ সুৰা (Tourist alcohol consumption)। পৰ্যটকসকলে মুকলিকৈ কৰি আহিছে সুৰাপান ৷ যেন সুৰাপানৰ এখন অঘোষিত প্ৰতিযোগিতাহে ৷ যিয়ে যেনেকৈ পাইছে তেনেকৈয়ে সুৰাপান কৰি বিনষ্ট কৰি আহিছে পৰিৱেশ ৷ একাংশই নদীৰ পানীৰ মাজতে সুৰাপান কৰি বটল সমূহো নদীৰ পানীতে পেলাই দিছে , বটলৰ ভগা চিচা য’তে ত’তে সিঁচৰিত হৈ পৰি থকাও প্ৰত্যক্ষ হয় ।
একাংশ অচেতন লোকৰ কৰ্মকাণ্ডৰ বাবে চৰম ভাবুকি নামি আহিছে প্ৰকৃতিলেও । আনহাতে সুৰাপান কৰি ঘৰলৈ ওভতাৰ পথত সম্মুখীন হৈছে দূৰ্ঘটনাৰ ৷ বিগত সময়চোৱাত কেবাটাও দূৰ্ঘটনা সংঘটিত হৈ আহত হৈছে কেবাজনো ৷ এক নিয়ন্ত্ৰণহীন পৰিৱেশে এতিয়া দ্বাৰাগাঁওবাসীক বিৰক্ত কৰি তুলিছে ।
বাইক ৰাইডাৰৰ খুন্দাত কোন কেতিয়া ঘূনীয়া হয় কোনো নিশ্চয়তা নাই । ৷ এনে সময়ত স্থানীয় প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাক লৈ নিৰাপত্তাহীনতাত ভূগিছে স্থানীয় ৰাইজ । সেয়ে অতিশীঘ্ৰে প্ৰশাসনক ব্যৱস্থা ল’বলৈ দাবী জনাইছে সচেতন দ্বাৰাগাঁওবাসীৰ লগতে সমীপৱৰ্তী অঞ্চলৰ ৰাইজেও ।
লগতে পঢ়ক : World Day Against Child Labour: আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস