Local, Vocal, Global

Boat capsizes in Odisha’s Jharsuguda : যাত্ৰীবাহী নাও বাগৰি পৰিল নদীত,নিহত ৪ জন, সন্ধানহীন মহিলা আৰু শিশুসহ ৭ গৰাকী

নেশ্যনেল ডেস্ক, ২০ এপ্ৰিল : মৰ্মান্তিক ভয়ংকৰ নাও দুৰ্ঘটনা । নিহত ৭ জন । ওৰিষ্যাত সংঘটিত হৈছে ভংয়কৰ নাও(Boat capsizes in Odisha’s Jharsuguda) ।

জানিব পৰা মতে, বৰগড় জিলাৰ আম্বাভোনা ব্লকৰ অন্তৰ্গত পাথাৰসেনীলৈ ফেৰীৰে গৈ আছিল যাত্ৰীবাহী নাওখন ৷ সেই সময়তে যাত্ৰীবাহী নাওখন মহানদী নদীত বাগৰি পৰে আৰু সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

আৰক্ষীয়ে সংবাদ মাধম্যক জনোৱা অনুসৰি শুকুৰবাৰে সন্ধিয়া ঝাৰচুগুড়া জিলাৰ ৰঙালীৰ চাৰ্দা ঘাট পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই ঘটনাটো। এই ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখনত আছিল ৫০ জন যাত্ৰী।
ইয়াৰে বহুজনক স্থানীয় মাছমৰীয়াসকলে উদ্ধাৰ কৰে। কিছু লোকে নিজেই সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হয়। কিন্তু তাৰ মাজতো ৪ জনৰ মৃত্যু হয়। এই চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ৭ জন। এই ৭ জন লোকৰ ভিতৰত আছে ৪ গৰাকী মহিলা আৰু ৩ টা শিশু(7 dead after boat with 50 passengers capsizes in Odisha’s Mahanadi river)।

এই শোকাৱহ ঘটনাটো সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকে গভীৰ শোক প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ ৪ লাখ টকাৰ এক্স-গ্ৰেচিয়া সাহায্যৰ কথা ঘোষণা কৰে।লগতে মুখ্যমন্ত্ৰীয়ে উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰিবলৈ মুখ্য সচিব আৰু এছ আৰ চিক নিৰ্দেশ প্ৰদান কৰিছিল ।

ইফালে বৰগড়ৰ স্থানীয় সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুৰেশ পূজাৰীয়ে নাওখনত অতিমাত্ৰা ভিৰ হোৱাৰ লগতে সামৰ্থতকৈ বহু বেছি লোকক ফেৰীখনত কঢ়িওৱা বুলি অভিযোগ উত্থাপন কৰে । লগতে নাওখন বৈধ অনুজ্ঞাপত্ৰ অবিহনে চলাচল কৰাৰ অভিযোগ উত্থাপন কৰে পূজাৰীয়ে । এই ঘটনাৰ তদন্ত কৰা হ’ব বুলি জিলা কৰ্তৃপক্ষই জনাইছে যদিও বৰ্তমান সময়ত নিৰুদ্দেশ হোৱা লোকক উদ্ধাৰ কৰাটোতেই অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে(Toll in Odisha boat capsize rises to 7 with recovery of 5 more bodies) ।

লগতে পঢ়ক : Woman goes missing : ১৬ এপ্ৰিলৰ পৰা সন্ধানহীন দেৰগাঁৱৰ ডেইজী ব্ৰহ্ম আহমেদ