Local, Vocal, Global

আজিৰ দিনটোৰ ৰাশিফল,চাওক আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব…

মেষ-আজি আপোনাৰ বন্ধুৰ লগত দিনটো ভালদৰে পাৰ হ’ব। মাদক দ্ৰব্যৰ পৰা বিৰত থাকক।

বৃষ- আপোনাৰ হাতলৈ হঠাৎ বহুত ধন আহিব পাৰে। পৰিয়াল আৰু কৰ্মক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰা সম্ভৱ হ’ব।

মিথুন- প্ৰেমত শুভ । আপুনি আজি যিয়ে কৰিব , আপুনি এক প্ৰভাৱশালী স্থিতিতে বিৰাজ কৰিব। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ’ব।

কৰ্কট- কিছুমান ব্যক্তিগত সমস্যাই দেখা দিব পাৰে। দ্বিধা আঁতৰ হ’ব, আত্মবিশ্বাস ঘূৰি আহিব।মনতকৈ অধিক মগজুৰ কথা শুনিব।

সিংহ-আজি আপুনি কাৰোবাক সহায় কৰিলে আৰ্থিক বিপদত পৰিব পাৰে। মনোযোগেৰে কাম কৰক। আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব।

কন্যা – আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া।

তুলা -কাৰোবাক বিশ্বাস কৰাৰ পূৰ্বে চাৰিওদিশ চালিজাৰি চাব লাগিব।নতুন প্ৰকল্প বা নতুন অংশীদাৰিত্বলৈ যোৱাৰ সঠিক সময় নহয়।

বৃশ্চিক- নিজৰ দায়িত্বৰ লগতে স্বাধীনতা পোৱা সম্ভৱ।কঠোৰ” পৰিশ্ৰমৰ সুফল পাব। আৰ্থিক উন্নতি সম্ভৱ। স্বীকৃতি আৰু সন্মান পাব পাৰে।

ধনু- আয়, ব্যয় পৰিচালনাৰ ক্ষেত্ৰত আৰু মনোযোগ প্ৰয়োজন। নিজৰ ইতিবাচক শক্তিৰ দ্বাৰা আনকো প্ৰভাৱিত কৰা সম্ভৱ হ’ব। দাম্পত্যত শুভ।

মকৰ- কোনো কাৰণত আঘাত পোৱাৰ আশংকা আছে। সতৰ্ক হৈ থাকিব লাগিব। ব্যক্তিগত সম্পৰ্কৰ বাবে শুভ দিন।

কুম্ভ- ধৈৰ্য সহকাৰে পৰিস্থিতি ৰ সন্মুখীন হ’লে ভাল পৰিণাম লাভ কৰিব। শিশুৰ পৰা ভাল খবৰ পাব পাৰে। বেপাৰ-বাণিজ্যত লাভান্বিত হোৱাৰ সম্ভাৱনা।

মীন- কোনো আনন্দৰ অনুষ্ঠানত যোগ দিয়াৰ সম্ভাৱনা। কেৰিয়াৰৰ ক্ষেত্ৰত সকলো বাধা অতিক্ৰম কৰিব। কৰ্মক্ষেত্ৰত কোনোৱে ষড়যন্ত্ৰ কৰিব পাৰে।