Local, Vocal, Global

আজি বিবাহ-বাৰ্ষিকী, ক’ত আছে,কি কৰিছে ভাস্কৰ-বৰষাই

নিউজ ডেস্ক,২২ ফ্ৰেব্ৰুৱাৰীঃ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ আজি প্ৰথম বিবাহ বাৰ্ষিকী। এবছৰৰ পূৰ্বে আজিৰ দিনটোতেই বিবাহপাশত আবদ্ধ হৈছিল ভাস্কৰ-বৰষাই । এক ৰোমাণ্টিক যুটী হিচাপে জনপ্ৰিয় হৈ পৰিছে ভাস্কৰ-বৰষা। এই বিবাহখনে সামাজিক মাধ্যমত বিশেষকৈ চৰ্চা লাভ কৰিছিল।
বিবাহ বাৰ্ষিকীৰ দিনটোত আবেগসনা প’ষ্টেৰে সামাজিক মাধ্যমত বৰষাই লিখিছে এইদৰে- “our special wedding 22.2.22 first wedding anniversary. জীৱন বাটৰ সুখ-দুখ, হাঁহি-কান্দোন, খং অভিমানবোৰ ভগাই ললো আমি দুয়ো। আশীৰ্বাদ কৰিব দেই।”