Local, Vocal, Global

আজি দেশভক্ত তৰুণৰাম ফুকনদেৱৰ পুণ্য তিথি

নিউজ ডেস্ক, ২৮ জুলাই : ৰাজনীতিৰ পথাৰৰ পৰা সাহিত্য সাধনাৰে মানুহৰ কল্যাণৰ বাবে সেৱা আগবঢ়াই যোৱা ভাৰতৰ স্বাধীনতা আন্দোলনৰ অক্লান্ত সৈনিক দেশভক্ত তৰুণৰাম ফুকনদেৱৰ আজি পুণ্য তিথি।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট আইনজ্ঞ, স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকন দেৱ আধুনিক অসমৰ অন্যতম খনিকৰ।

তীক্ষ্ণধী বাগ্মিতাৰে আধুনিক অসমীয়া সমাজ গঠনত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকী আছিল একাধিক গ্ৰন্থৰ প্ৰণেতা৷

বিশিষ্ট আইনজ্ঞ হিচাপেও প্ৰসিদ্ধি লাভ কৰা মহান সত্তা, প্ৰাত:স্মৰণীয় অসমীয়া যোদ্ধাগৰাকীক তেখেতৰ পুণ্যতিথিত তেখেতলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি ।