Local, Vocal, Global

আজি ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ জন্মদিন…

ডিজিটেল ডেস্কঃ-ভাৰতীয় প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কল্পনা চাওলা।কল্পনা চাওলা যিয়ে স্ব-কৃতিত্বৰে বিশ্বৰ বুকুত জিলিকাইছিল ভাৰতৰ নাম | এইগৰাকী ভাৰতীয় জীয়ৰীৰ আজি ৬১ সংখ্যক জন্ম জয়ন্তী।

১৯৬২ আজিৰ ১৭ মাৰ্চত হাৰিয়ানাৰ কৰ্ণালত জন্মগ্ৰহণ কৰিছিল কল্পনাই। ভাৰতত জন্ম গ্ৰহণ কৰা কল্পনাৰ বিমান আৰু উৰণৰ প্ৰতি আছিল তীব্ৰ আগ্ৰহ ।১৯৮৮ চনত কলোৰাডো ব’লডাৰ বিশ্ববিদ্যালয়ৰ পৰা এৰোস্পেছ ইঞ্জিনিয়াৰিঙত পিএইচডি সম্পূৰ্ণ কৰাৰ পিছত কল্পনাই নাছা এমেছ গৱেষণা কেন্দ্ৰত কাম কৰিবলৈ আৰম্ভ কৰে | য’ত তেওঁ উলম্ব আৰু/বা চমু টেক-অফ আৰু অৱতৰণ (V/STOL)ধাৰণাৰ ওপৰত কম্পিউটেচনেল ফ্লুউইড ডাইনামিকচ (CFD) গৱেষণা কৰিছিল।

১৯৯১ চনৰ এপ্ৰিলত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত নাছা মহাকাশচাৰী কৰ্পছৰ বাবে আবেদন কৰিছিল।চাওলাৰ প্ৰথম মহাকাশ অভিযান আছিল ১৯৯৭ চনৰ ১৮ নৱেম্বৰত, য’ত তেওঁ এছটিএছ-৮৭ ৰ ছয় মহাকাশচাৰী ক্ৰুৰ সৈতে অংশগ্ৰহণ কৰিছিল। ২০০১ চনত কল্পনাক এছটিএছ-১০৭ৰ অংশ হিচাপে তেওঁৰ দ্বিতীয় মহাকাশযাত্ৰাৰ বাবে বাছনি কৰা হৈছিল আৰু ২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত নিৰ্ধাৰিত অৱতৰণৰ ১৬ মিনিট পূৰ্বে প্ৰৱেশৰ সময়ত স্পেচ শ্বাটল কলম্বিয়া এছটিএছ-১০৭ ধ্বংস হোৱাৰ ফলতে দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যু হয় কল্পনাৰ।
২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰাৰ সময়তে স্পেচ শ্বাটল কলম্বিয়াৰ মহাকাশযান দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ছয়গৰাকী ক্ৰু সদস্যৰ সৈতে মৃত্যু হয় ভাৰতৰ জীয়ৰী কল্পনা চাওলাৰ ।