Local, Vocal, Global

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী বিধায়ক অখিল গগৈৰ…

ডিজিটেল ডেস্কঃ-এইবাৰ অসমীয়া বিভাগৰ প্ৰশ্নকাকত ফাদিল।পুনৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ।সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল হৈছিল আৰু পৰীক্ষা বাতিল কৰাৰ লৈ চলি থকা বিতৰ্কত মাজতে বৃহস্পতিবাৰে নিশা অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহে।মুখ্য়মন্ত্ৰীয়ে নিজে এই ঘটনা টুইটাৰ যোগে ৰাজহুৱা কৰে।এই ঘটনা পোহৰলৈ অহাৰ পিছতে ছেবাই ১৮ মাৰ্চত অনুষ্ঠিত হবলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰে।আৰু ১ এপ্ৰিললৈ পিছুৱাই দিয়ে।প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয়।পুনৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শিৱসাগৰ বিধায়কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।সঁচাকৈ অসমীয়া মাধ্যমক ধ্বংস কৰাৰ ষড়যন্ত্ৰ নেকি বুলি প্ৰশ্ন কৰে বিধায়ক গৰাকীয়ে।তেঁও শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে।তেঁও কয়-শিক্ষা বিভাগে ল’ৰা-ধেমালী কৰিছে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ।তেওঁলোকে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ লগত খেলা কৰিছে ।শিৱসাগৰৰ বিধায়ৰ অখিল গগৈয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে এই ঘটনাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পদত্যাগ কৰিব লাগে।