আজি মহাশিৱৰাত্ৰি,ৰাজ্যজুৰি মহাদেৱক আৰাধানা

আজি ৰাজ্যজুৰি পালন কৰিছে মহা শিৱৰাত্ৰি।ৰাজ্যজুৰি দেৱাদিদেৱ মহাদেৱ আৰাধনা।হিন্দুধৰ্মত প্ৰতি বছৰে পালন কৰে এই উৎসৱ।হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি চতুৰ্দশ দিনত শিৱৰাত্ৰি তিথি পালন কৰে।শিৱৰাত্ৰি হিন্দু ধৰ্মৱলম্বী লোকসকলে ধুমধামেৰে আয়োজন কৰে।
মহাদেৱৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্য়ৰ বিভিন্ন প্ৰান্ত।নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰতো অগণন ভক্তৰ ভিৰ।দূৰদূৰণিৰ পৰা আহিছে ভক্ত।দেৰগাঁৱৰ নেঘেৰিটিং মন্দিৰ, গুৱাহাটী শুক্ৰেশ্ব মন্দিৰ,তিনিচুকীয়াৰ টিলিঙা মন্দিৰতো ভক্তৰ ভিৰ।পুৱাই ভক্তসকলে ঘূপ-দীপ,শৰাই,নৈবেদ্য, সঁফুৰাৰে আহি শিৱৰ চৰণত সেৱা লোৱা দেখা যায়।