ৰঞ্জিত বৰা হত্যাৰে জড়িত আন এজন অপৰাধী আৰক্ষীৰ জিম্মাত…

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলমৰ এনকাউন্টাৰৰ পিছতেই এইবাৰ আৰক্ষীৰ জালত দলটোৰ অন্যতম অপৰাধী হৰেণ পাটগিৰি।কেৱল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত নহয় ৰাজ্যখনৰ কেইবাটাও ডকাইতি কাণ্ডৰ সৈতেও জড়িত আছিল হৰেণ পাটগিৰি । মুকালমুৱাৰ ডকাইতি কাণ্ডৰো অন্যতম অভিযুক্ত হৰেণ পাটগিৰি ।শনিবাৰে মহানগৰীৰ কাহিলীপাৰাৰ পৰা অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু দিছপুৰ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক ।অভিযুক্ত হৰেণ পাটগিৰিক জিম্মাত ল’লে দিছপুৰ আৰক্ষীয়ে।পূৰ্বে চাংসাৰী আৰক্ষীৰ জিম্মাত আছিল হৰেণ পাটগিৰি।গেং আৱ ছিক্সৰ অন্য়তম সদস্য হৰেণ পাটগিৰি।