Local, Vocal, Global

Today is Artist’s Day:আজি শিল্পী দিৱস।

 

১৭ জানুৱাৰী,বঙাইগাঁও:ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ স্মৃতিত সমগ্ৰ অসমবাসীয়ে আজি পালন কৰিছে শিল্পী দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পী দিৱসৰ মাজেৰে সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰক সোঁৱৰণ কৰিছে।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে শিল্পী দিৱসৰ ৷ ইয়াৰ ব্যতিক্ৰম নহয় বঙাইগাঁও জিলা। বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত শিল্পী দিৱস উদযাপন সমিতি সৃজনগ্ৰামে আজি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে শিল্পী দিৱস। শিল্পী দিৱসত সদ্য পৰলোকপ্ৰাপ্তি ঘটা শিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে আয়োজক সমিতিয়ে। জ্যোতিপ্ৰসাদৰ গীত -মাতেৰে জীপাল হৈ উঠে সৃজনগ্ৰাম।