Local, Vocal, Global

Today horoscope: জানি লওক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল

২৪ ফেব্ৰুৱাৰী ২০২৫, ৱেবডেস্ক: জানি লওক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনৰ উৎসাহ সামান্য হ্ৰাস হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে আপোনাৰ শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পোৱাত সামান্য জটিলতা আহিব পাৰে যদিও আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, নতুন নতুন বস্ত্ৰ লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ হাতলৈ ধন- সম্পত্তি অহাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা (প,ঠ) : -কৰ্মস্থানত যথেষ্ট উন্নতিৰ যোগ৷ মন উৎসাহিত হৈ থাকিব৷ আজিৰ দিনটোত আপোনাৰ সুনাম বৃদ্ধি পাব।
৭.তুলা (ৰ,ত): – আজি দিনটোত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। নিজৰ মানসিকস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। মনোবল বৃদ্ধি পাব৷

৮.বৃশ্চিক (ন,য): -আজি দিনটোত আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হওক। যশ-মান বৃদ্ধি পাব। প্ৰেমত শুভ।

৯.ধনু (ধ,ভ): – ব্যৱসায়িক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম হৈ থাকিব৷ প্ৰেমত শুভ।

১০.মকৰ(খ,জ): -আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়ত আশাবাদী হৈ থাকিব৷ দাম্পত্য জীৱনত সুখ-শান্তি প্ৰৱল সম্ভৱনা।

১১.কুম্ভ(গ,শ,স): -কোনো সুসংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ৷ আপোনাৰ জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব।

১২.মীন( দ,চ) :- আজি আপুনি ব্যৱসায়ত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ’ব। বিদ্যাত শুভফল লাভ কৰিব। কৰ্মস্পৃহা বৃদ্ধি পাব।