ভুৱা উপহাৰ কুপন খেল, ৰিপুন বৰাৰ ঘনিষ্ঠ TMC নেতাক গ্ৰেপ্তাৰ
নিউজ ডেস্ক: অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অভিজিৎ কৰ্মকাৰক গ্ৰেপ্তাৰ কৰিছে শালবাৰী আৰক্ষীয়ে। ভুৱা উপহাৰ কুপন খেলৰ সৈতে জড়িত থকাৰ অভিযোগত TMCৰ ৰাজ্যিক সম্পাদক অভিজিৎ কৰ্মকাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কৰ্মকাৰৰ বিৰুদ্ধে বৰপেটাৰোডৰ সমীপৱৰ্তী পশ্চিম লুৱাশুৰ শিৱ মন্দিৰৰ সাহায্যৰ্থেএখন ভুৱা উপহাৰ কুপন খেল অনুষ্ঠিত কৰি লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ১১ চেপ্তেম্বৰৰ নিশা খেলখন অনুষ্ঠিত কৰাৰ কথা আছিল আৰু ১ লাখ ২৯ হেজাৰ ১০০ টকীয়া টিকট বিক্ৰী কৰি কোটি টকাৰ ওচৰত ধন সংগ্ৰহ কৰিছিল যদিও কোনোধৰণৰ উপহাৰ প্ৰদৰ্শন কৰা নাছিল যাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ভুৱা খেলৰ মাষ্টাৰ মাইণ্ড অভিজিতৰ নেতৃত্বত ভুৱা উপহাৰ কুপন খেলৰ নামত ধন সংগ্ৰহ কৰিছিল প্ৰৱঞ্চকৰ বৃহৎ চক্ৰই। TMCৰ নেতাগৰাকীয়ে পশ্চিমবংগৰ বিভিন্ন ঠাইত TMCৰ আশীষধন্য হৈ কলকাতাৰ বিলাসী হোটেলত আত্মগোপন কৰিছিল৷ অভিজিত কৰ্মকাৰে পশ্চিমবংগত উপহাৰ কুপনখেলৰ বাবে ছিল মোহৰৰ উপৰিও বিষয়াৰ চহী প্ৰস্তুত কৰি অসমৰ বিভিন্ন প্ৰান্তত চলাই আহিছিল ভুৱা উপহাৰ কুপন খেলৰ নামত প্ৰঞ্চনাৰ জাল৷ বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাত 119/22.U/S.120B/420/468/471 IPC RW 14 Assam Game ans betting Act.ৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক TMCৰ নেতাগৰাকীক৷ চক্ৰটোৰ ৬ জন প্ৰবঞ্চকক আৰক্ষীয়ে পূৰ্বেই জেললৈ প্ৰৰণ কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰি আহিছে প্ৰৱঞ্চনা৷ ধেমাজিৰ গোগামুখ আৰক্ষী থানাটো 86/2021 নম্বৰত গোচৰ ৰুজু হৈছে৷