Local, Vocal, Global

Watch | Titabar news: তিতাবৰ লুইতপৰীয়া যোগএকাডেমী সহযোগত গ্রীষ্মকালীন যোগ ক্রীড়া আৰু যোগ প্ৰাণায়াম প্ৰশিক্ষণৰ আজি সফল সামৰণি

তিতাবৰ: বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগৰ লুইতপৰীয়া যোগ একাডেমী সহযোগত গ্রীষ্মকালীন যোগ ক্রীড়া আৰু যোগ প্ৰাণায়াম প্ৰশিক্ষণৰ আজি সফল সামৰণি । যোৱা ৫ জুলাই তাৰিখৰ পৰা বৰহোলাত অনুস্থিত কৰা প্ৰশিক্ষণটিত প্ৰায় ৫১ গৰাকী ‍ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। ১০ দিনীয়া কৰ্মশালাটোৰ আজি আনুস্থানিকভাৱে সফল সামৰণি পৰে ।

উক্ত সামৰণি অনুষ্ঠানটো পৰিচালনা কৰে ব্যাসদেৱ শইকীয়াই । যোৰহাট জিলাৰ যোগৰ অধ্যক্ষ ডক্টৰ প্রবীণ গোস্বামী দেৱে যোগৰ উপৰত বিস্তৃত ব্যখা কৰে । উক্ত সভাখনত উপস্থিত থাকে তিতাবৰ জিলাৰ মইনা পাৰিজাতৰ সভাপতি পবিত্র শইকীয়া, সম্পাদক ৰাজু শইকীয়া,কার্যকৰী সদস্য নৱজিৎ নেওগ, বৰহোলা আঞ্চলিক পাৰিজাতৰ প্ৰাক্তন সভাপতি বদনচন্দ্ৰ বৰা, সম্পাদক দীপক ৰাজখোৱা, উপসভাপতি বিনোদ হাজৰীকা, ক্রীড়া সম্পাদক , দাদু কছাৰী, সাংস্কৃতিক সম্পাদিকা দিপালী হালৈ, উপস্থিত থাকে অনুষ্ঠানৰ যোগৰ প্ৰশিক্ষক অৰূপ বৰা, যামিনি মোহন বৰুৱা, যুৱ সাংবাদিক দিব্যজ্যোতি শইকীয়া কে ধৰি কেবাগৰাকীও গণ্য মান্যলোক ।
অনুষ্ঠানটোত শেষত প্ৰশিক্ষণ লৈ থকা ছাত্ৰ ছাত্ৰী সকলক প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: Watch | Drugs paddeler arrested Barpeta: বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট সহ আৰক্ষীৰ জালত দুটা সৰবৰাহকাৰী