দিল্লী-হাৰিয়ানা টিক্ৰি সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা

নিউজ ডেস্ক, ২১ আগষ্ট : সোমবাৰে যন্তৰ মন্তৰত (Jantar Mantar) কৃষকসকলে প্ৰতিবাদ কৰিবলৈ আহ্বান জনোৱাৰ পূৰ্বে দিল্লী আৰক্ষীয়ে দিল্লী-হাৰিয়ানা টিক্ৰি সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে।
আৰক্ষীয়ে টিক্ৰি (Tikri) সীমান্তত চিমেণ্টেড বেৰিকেড স্থাপন কৰিছে।
ইয়াৰ পূৰ্বে, কৃষকসকলৰ এক ছাতা সংস্থা (umbrella body) সংযুক্ত কিষাণ মৰ্চা ( Samyukt Kisan Morcha, SKM)য়ে বৃহস্পতিবাৰৰ পৰা উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত তেওঁলোকৰ অমীমাংসিত দাবীসমূহৰ বাবে জোৰ দিবলৈ ইয়াৰ ৭৫ ঘণ্টাৰ অৱস্থান প্ৰতিবাদ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।
SKM হৈছে প্ৰায় ৪০ টা কৃষি সংগঠনক লৈ গঠিত এক ছাতা গোট, মুখ্যতঃ শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্য (MSP) সঠিকভাৱে ৰূপায়ণৰ দাবী কৰে।