কলকাতা অভিমুখী IndiGo বিমানত ধোঁৱা
নিউজ ডেস্ক, ২১ আগষ্ট : দেওবাৰে কলকাতা অভিমুখী ইণ্ডিগোৰ এখন বিমানত ধোঁৱা ধৰা পৰাৰ পিছত কাৰ্গো হোল্ড (cargo hold ) এলেকাত সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল।
দিল্লীৰ পৰা আহি আছিল আৰু কলকাতাঅভিমুখে গৈ থকা IndiGo 6E-2513 বিমানখনত পাইলটজনে কাৰ্গো এলেকাত ধোঁৱা ধৰা পৰাৰ পিছত তৎকালীন অৱতৰণৰ বাবে কলকাতা এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (Air Traffic Control , ATC)ক অনুৰোধ কৰিছিল।
কলকাতা ATCয়ে বিমানখনৰ সুৰক্ষিত অৱতৰণৰ বাবে বিমানবন্দৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰিছিল।
IndiGoৰ এক বিবৃতিত কোৱা হৈছে যে অৱতৰণৰ আগতে সকলো নিৰ্ধাৰিত মানক অপাৰেটিং প্ৰক্ৰিয়া (SOPs) পাইলটৰ দ্বাৰা অনুসৰণ কৰা হৈছিল।
ইফালে, সকলো যাত্ৰী সুৰক্ষিতভাৱে অৱতৰণ কৰে আৰু ঘটনাটোত কোনো আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই।