Local, Vocal, Global

ত্ৰিপুৰাত উপনিৰ্বাচনৰ পূৰ্বে কঠোৰ নিৰাপত্তা ব্যৱস্থা

নিউজ ডেস্ক, ১৫ জুন : ২৩ জুনত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ত্ৰিপুৰাৰ Agartala, Town Bordowali , Surma (SC) আৰু Jubarajnagar ত খালী হৈ থকা আসনসমূহ পূৰণ কৰাৰ বাবে অনুষ্ঠিত হব উপ-নিৰ্বাচন ।

বুধবাৰে ৰাজ্যিক আৰক্ষীয়ে জানিবলৈ দিয়ে যে ত্ৰিপুৰাত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ চাৰিওটা সমষ্টিতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

ত্ৰিপুৰা আৰক্ষীয়ে কৈছিল যে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত Flying Squads আৰু Static Surveillance Teams মোতায়েন কৰা হৈছে। আইন-শৃংখলাপৰিস্থিতি বজাই ৰাখিবলৈ আৰু যিকোনো দুৰ্ভাগ্যজনক ঘটনা পৰিহাৰ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ত্ৰিপুৰা আৰক্ষীৰ এক বিবৃতি অনুসৰি, ” ৫৭-Jubarajnagar বিধানসভা সমষ্টিত সংঘটিত এটা সৰু ঘটনাৰ বাহিৰে, দিনটোত আন কোনো ঘটনা সংঘটিত হোৱা নাছিল। ইয়াত উল্লেখ কৰা উচিত যে সকলো সমষ্টিতে ফ্লাইং স্কোৱাড আৰু ষ্টেটিক চাৰ্ভিলেঞ্চ দল মোতায়েন কৰা হৈছে।”

নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) প্ৰায় ২০ টা দল আৰু ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ (TSR) পাঁচটা companies মোতায়েন কৰা হৈছে।