এনকাউণ্টাৰত গুলিবিদ্ধ ককায়েকৰ পাছত এইবাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ ভাতৃয়ো

নিউজ ডেক্স, ২৯জুন : এনকাউণ্টাৰত গুলিবিদ্ধ ককায়েকৰ পাছত এইবাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ ভাতৃয়ো । যোৱা নিশা মৰিগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নিজামুদ্দিন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ।
ড্ৰাগছ মাফিয়া নিজামুদ্দিনক ধৰিবলৈ গৈ শূন্যলৈ গুলী চলাবলগীয়া হয় মৰিগাঁও আৰক্ষীয়ে। খবৰ অনুসৰি মুঠ ৩ জাই গুলী ফুটাই আৰক্ষীয়ে।
ড্ৰাগছ মাফিয়া নিজামুদ্দিনক ধৰিবলৈ গৈ শূন্যলৈ গুলী চলাবলগীয়া হয় মৰিগাঁও আৰক্ষীয়ে।
ড্ৰাগছ মাফিয়া পলাবলৈ চেষ্টা কৰাৰ বাবেই আৰক্ষীয়ে শূণ্যলৈ গুলী চালনা কৰে। ড্ৰাগছ মাফিয়া নিজামুদ্দিনৰ পৰা প্ৰায় এক কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী।
অভিযানত মৈৰাবাৰীৰ পলাহজুৰীৰ পৰা ১২৯ গ্ৰাম ড্ৰাগছসহ নিজামুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ধৃত নিজামুদ্দিনে AS01B0051 নম্বৰ চাৰিচকীয়া বাহন খনেৰে কঢ়িয়াই আনিছিল ড্ৰাগছখিনি।
বিগত এটা বছৰে আৰক্ষীয়ে বিচাৰি আছিল নিজামুদ্দিনক। ডিমাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি সমগ্ৰ মৰিগাঁও জিলাত যোগান ধৰি আহিছিল নিজামুদ্দিনে।
উল্লেখ্য় যে, পূৰ্বে নিজামুদ্দিনৰ ভাতৃ আছাদুলক বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পৰৱৰ্তীসময়ত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল আছাদুল।