PDRD অনুদানৰ তৃতীয় মাহিলী কিস্তি মুকলি
নিউজ ডেস্ক, ৭ জুন : বিত্ত মন্ত্ৰালয়ে (Finance Ministry) ১৪ খন ৰাজ্যলৈ ৭,১৮৩ কোটি টকাৰ ৰাজহ ঘাটি(Revenue Deficit) অনুদানৰ তৃতীয় মাহিলী কিস্তি মুকলি কৰিছে।
অনুদান প্ৰাপ্ত কৰা ৰাজ্যবোৰ হৈছে অসম (Assam), হিমাচল প্ৰদেশ (Himachal Pradesh), কেৰালা (Kerala), মণিপুৰ (Manipur) , মেঘালয় (Meghalaya) , মিজোৰাম (Mizoram), নাগালেণ্ড (Nagaland), পঞ্জাৱ (Punjab), ৰাজস্থান (Rajasthan), ছিকিম (Sikkim), ত্ৰিপুৰা (Tripura), উত্তৰাখণ্ড (Uttarakhand)আৰু পশ্চিম বংগ (West Bengal), অন্ধ্ৰ প্ৰদেশ (Andhra Pradesh)।
২০২২-২৩ বিত্তীয় বৰ্ষৰ পঞ্চদশ বিত্ত আয়োগে ১৪ খন ৰাজ্যৰ বাবে মুঠ ৮৬,২০১ কোটি টকাৰ হস্তান্তৰ ৰক্ষা ৰাজহ ঘাটি (Post Devolution Revenue Deficit) অনুদানৰ পৰামৰ্শ দিছিল। হস্তান্তৰ ৰাজহ ঘাটি (PDRD) অনুদান ১২ টা সমান মাহিলী কিস্তিত মুকলি কৰা হ’ব বুলি প্ৰকাশ কৰিছিল।
মন্ত্ৰালয়ে এক বিবৃতিত কয়, “ব্যয় বিভাগে সোমবাৰে ১৪ খন ৰাজ্যলৈ ৭,১৮৩.৪২ কোটি টকাৰ হস্তান্তৰ ৰাজহ ঘাটি (PDRD) অনুদানৰ তৃতীয় মাহিলী কিস্তি মুকলি কৰিছে।”
জুন ২০২২ মাহৰ বাবে তৃতীয় কিস্তি মুকলি হোৱাৰ সৈতে, ২০২২-২৩ বৰ্ষত ৰাজ্যসমূহক মুকলি কৰা ৰাজহ ঘাটি অনুদানৰ মুঠ পৰিমাণ হৈছে ২১,৫৫০.২৫ কোটি টকা।