Local, Vocal, Global

অখিল গগৈৰ পুত্ৰ নাচিকেতা উত্তীৰ্ণ হৈছে HSLC পৰীক্ষাত

নিউজ ডেস্ক, ৭ জুন : শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi) পুত্ৰ নাচিকেতাও (Nachiketa) এইবাৰ অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।

উল্লেখযোগ্য যে কৃষক নেতা অখিল গগৈৰ পুত্ৰ নাচিকেতা অত্যন্ত মেধাৱী ছাত্ৰ আছিল যদিও পিতৃৰ ওপৰত চলা উপৰ্যপুৰি ৰাষ্ট্ৰযন্ত্ৰৰ সন্ত্ৰাসৰ বাবে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰৰ বাধাৰ সৃষ্টি হোৱাই নহয় অধ্যয়নৰ ক্ষেত্ৰতো এসময়ত নাচিকেতাৰ বিৰাগ ভাৱৰ সৃষ্টি হৈছিল। ইয়াক লৈ পৰিয়াল তথা শুভাকাংক্ষী চিন্তিত হৈ আছিল।

অসম জাতীয় বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ৬৩ শতাংশ নম্বৰ লাভ কৰা নাচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰো লাভ কৰিছে।