Local, Vocal, Global

বন্ধ আছে মহানগৰীৰ প্ৰায় সংখ্যক পেট্ৰ’ল পাম্প, দাবী মানি নলʼলে ১৬ মেʼৰ পৰা অৰ্নিদিষ্ট কাললৈ পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা,

নিউজ ডেস্ক, ১৩ মে’- জনসাধাৰণৰ মাজত হাঁহাকাৰ, বন্ধ আছে মহানগৰীৰ প্ৰায় সংখ্যক পেট্ৰ’ল পাম্প। বৃহস্পতিবাৰে আগবঢ়োৱা প্ৰতিবেদন অনুসৰি আজি মহানগৰৰ প্ৰায় সংখ্যক পেট্ৰ’ল পাম্প বন্ধ আছে। তৈল কোম্পানীসমূহে কৰা প্ৰবঞ্চনাৰ প্ৰতিবাদ হিচাপে শুক্ৰ বাৰৰ পুৱা ৫ বজাৰ‌ পৰা শনি বাৰৰ পুৱা‌ ৫ বজালৈ বন্ধ আছে পেট্ৰ’ল পাম্পসমূহ।


পেট্ৰ’ল পাম্পসমূহ বন্ধ থকাৰ বাবে জনসাধাৰণৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পেট্ৰ’ল পাম্পত পেট্ৰ’ল ভৰাবলৈ অহা লোকসকল‌ বিষন্ন মনেৰে উভতি গৈছে।


পেট্ৰ’ল পাম্পসমূহ বন্ধ থকাৰ বাবে তেল ভৰাব‌ যোৱা ব্যক্তিসকলৰ প্ৰায় সংখ্যকৰ গাড়ী ঠেলি নিয়াৰ উপক্ৰম হৈছে।
দাবী মানি নলʼলে ১৬ মেʼৰ পৰা অৰ্নিদিষ্ট কাললৈ পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰোলিয়াম ডিলাৰ এছʼছিয়েশ্যনে।