Local, Vocal, Global

পুনৰ খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ অসুস্থ ৭০ জনকৈ লোক

নিউজ ডেস্ক, ১৩ মে’- গোলাঘাট জিলাত পূজাৰ প্ৰসাদ খায় অসুস্থ হৈ পৰে অঞ্চলটোৰ প্ৰায় সংখ্যক লোক। গোলাঘাট জিলাৰ ৬ নং ৱাৰ্ডত এঘৰত চলিছিল পূজা। আৰু সেই পূজাৰ প্ৰসাদ খায় অসুস্থ হৈ পৰে গৰিষ্ঠ সংখ্য়কলোক।


আক্ৰান্ত লোকসকলৰ ভিতৰত ৫ টি শিশুও‌ আছে। সংকটজনক অৱস্থাত ২টি‌ শিশুক‌ ইতিমধ্যে ICU ত ভৰ্তি কৰোৱা হৈছে।


অসুস্থ সকলৰ প্ৰায় সংখ্যকক চিকিৎসালয়লত ভৰ্তি কৰোৱা হয়।


প্ৰসাদত বিষক্ৰিয়া হোৱাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। যিহেতু বুট মগু‌ পোকে নধৰিব কাৰণে বিভিন্ন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। আৰু সেই বাবে বুট মগু‌ ভালদৰে নোধোৱাৰ বাবেও বিষক্ৰিয়া হʼব পাৰে বুলি ‌কিছুলোকে নিজৰ ‌মন্তব্য প্ৰকাশ কৰিছে।