আজি হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীক

নিউজ ডেক্স,২৩ জুলাই : ক্ৰমাৎ আৰোগ্য় লাভ কৰিছে জুবিন গাৰ্গ। আজি দিনৰ ১১.৩০ বজাত আয়ূৰসুন্দ্ৰা হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়া হ’ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীক।
উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ এখন ৰিজ’ৰ্টৰ বাথৰুমত পিছলি পৰি মূৰত আঘাত পাইছিল শিল্পীগৰাকী। ৫টাকৈ চিলাই পৰিছিল জুবিনৰ মূৰত।
তাৰ পিছতেই উন্নত চিকিৎসাৰ বাবে জুবিনক এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে ডিব্ৰুগড়ৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল। গুৱাহাটীৰ আয়ূৰসুন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছিল জুবিন।
বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসাৰ পিছত এতিয়া সুস্থ ,স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে জুবিনৰ। কিন্তু জুবিনক কিছুদিন জিৰণীৰ প্ৰয়োজন ,টোপনিৰ প্ৰয়োজন। অনুৰাগীক কিছুদিন আঁতৰি থকাৰ আহ্বান হাস্পতাল কৰ্তৃপক্ষৰ।