গোৰেশ্বৰত হাতী মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল সাত বছৰীয়া শিশুৰ
ডিজিটেল ডেস্ক:-হাতী মানুহৰ সংঘাত এতিয়া চিৰ পৰিচিত।খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জলাঞ্চললৈ ওলাই অহা বন্য হাতীয়ে ৰাজ্যৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই আহিছে।বন্য হস্তীৰ সন্ত্ৰাস বাবে ৰাজ্যৰ বহু অঞ্চলৰ ৰাইজে ভয়ে ভয়ে জীয়াই থাকিবলগীয়া হৈছে।
গোৰেশ্বৰৰ দেওচুঙাত হাতী মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ।হাতীৰ আক্ৰমণত নিহত এটি সাত বছৰীয়া শিশু।নিহত শিশুটি হৈছে চন্দন দৈমাৰীৰ দ্বিতীয় কন্যা বিৰগ’শ্ৰী দৈমাৰী।আনহাতে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে চন্দন দৈমাৰীৰ প্ৰথম কন্যা মনোমতী দৈমাৰী।আহত মনোমতী দৈমাৰীক উন্নত চিকিৎসাৰ বাবে GMCH প্ৰেৰণ কৰা হৈছে।ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক আৰু সুৱাগপুৰ আৰক্ষী উপস্থিত।
ঘটনা স্থলীত গোৰেশ্বৰ চক্ৰ বিষয়া উপস্থিত হৈ শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে।