৪০০ বছৰ পুৰণি এখন দস্তাবেজ !গছৰ পাতত লিখা আছে দস্তাবেজ? কি ভাষা ব্যৱহাৰ কৰিছে এই দস্তাবেজত ?

ডিজিটেল ডেস্ক:- কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ সিদ্বাৰ্থ শেখৰ পাল চৌধুৰীৰ পৰিয়ালৰ হাতত আছে ৪০০ বছৰ পুৰনি দস্তাবেজ ।সিদ্বাৰ্থ শেখৰ পাল চৌধুৰীৰ পিতৃয়ে জনাই থৈ গৈছিল যে ঘৰত সংৰক্ষিত আছে পুৰনি দস্তাবেজ । সেই অনুসৰি এদিন ঘৰত বিচাৰি পোৱা গৈছিল প্ৰাচীন পাণ্ডুলিপি । আৰু এই দস্তাবেজ প্ৰত্যক্ষ কৰাৰ বাবে বহু লোকে ভিৰ কৰে পাল চৌধুৰী পৰিয়ালৰ বাসগৃহত । বৰ্তমান প্ৰজন্মৰ সিদ্বাৰ্থ শেখৰ পাল চৌধুৰীয়ে জনাইছে যে, যি সময়ত জমিদাৰ প্ৰথাৰ প্ৰচলন আছিল সেই সময়ত দাস হিচাপে মানুহ ক্ৰয় কৰা হৈছিল । আৰু এই পাণ্ডুলিপি সমূহ হৈছে ইয়াৰ লিখিত দলিল । কিন্তু কি ভাষাত এয়া লিখা আছে এই বিষয়ে তেওঁ নিজেও নাজানে । ভাষাৰ বিষয়ে অধ্যয়ন কৰা সকলৰ সৈতে যোগাযোগ কৰিও এই বিষয়ে কোনো তথ্য পোৱা হোৱা নাই বুলি জনাইছে সিদ্বাৰ্থ শেখৰ পাল চৌধুৰীয়ে । আনকি চৰকাৰে এই পাণ্ডুলিপি সমূহ সংৰক্ষণ কৰি মিউজিয়াম’ত ৰখাৰ দাবী জনাইছে সিদ্বাৰ্থ শেখৰ পাল চৌধুৰীয়ে ।