জাতিৰ প্ৰাণ ৰঙালী বিহু আৰু মঞ্চ বিহু উদযাপন

“চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈ নো কৈ থাকিলে ওৰকে নপৰে
বহাগৰ বিহুৰে কথা”
হয় যিমানেই নকওক,যিমানেই আনন্দ উল্লাহ নকৰক তথাপিও যেন ওৰেই নপৰে ব’হাগৰ বতৰা
ব’হাগ মানেই যেন এক অবুজ শক্তিয়ে শিহৰিত কৰি তোলা বুজাব নোৱাৰা এক অনুভব। সেয়েহে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই কৈছিল
"ব'হাগ মাঠো এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গন জীৱনৰ ই সাহ"

কিন্তু শেহতীয়াকৈ ব’হাগ বিহু উদযাপনৰ নামত মঞ্চ বিহুয়ে অত্যাধিক প্ৰাধান্য পোৱাত, কোনোবা খিনিত যেন ৰঙালী বিহুয়ে হেৰুৱাই পেলাইছে নিজৰ স্বকীয়তা। ব’হাগ বুলি কলেই যেন এতিয়া চকুৰ আগত ভাঁহি আহে মঞ্চত হাই প্ৰফাইল শিল্পীৰ সংগীতানুষ্ঠান, উদ্দাম নৃত্য আৰু একাংশ দৰ্শকৰ উদ্ভণ্ডালি। যেন বিহু উদযাপনৰ নামত জাতিটোক চূড়ান্ত ভাবে অপমান কৰাৰ প্ৰতিযোগিতাহে।শেহতীয়াকৈ ৰাজ্য খনৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠিত বিহু অনুষ্ঠান সমূহত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনা সমূহে যেন তাৰেই প্ৰমান ডাঙি ধৰিছে। বিহু অনুষ্ঠানত বোকা নৃত্য ,ডিস্ক’ডাঞ্চ,উদণ্ড দৰ্শকৰ মই- মতালি আদিৰ মাজতেই যেন এতিয়া সীমাবদ্ধ হৈ পৰিছে বিহুৰ পৰিসীমা। আধুনিক যান্ত্ৰিকতাৰ মাজত যেন অতীত হ’বলৈ গৈছে অসমীয়াৰ অতিকৈ আপোন সাত বিহুৰ পৰম্পৰা,হেৰাই গৈছে গৰু বিহু ,মানুহ বিহু, গোঁসাই বিহু,তাঁতৰ বিহু ,নাঙল বিহু, চেৰা বিহু আৰু চেনেহী বিহুৰ ঐতিহ্য। যদি এনেকৈয়ে হৈ থাকে আৰু কেইবছৰ মানৰ পাছত বিদেশৰ লোকটো বাদেই অসমৰ ভবিষ্যত প্ৰজন্ময়েও বিহু বুলিলে কেৱল মদ খাই মাতাল হৈ কৰা আশুৰিক নৃত্য বুলিহে যে ভাবিব তাৰ অৱকাশো নুই কৰিব নোৱাৰি।

কিন্তু এতিয়া প্ৰশ্ন হয় জাতিটোক এই জটিল সন্ধিখনৰ পৰা ৰক্ষা কৰিব কোনে ? জাতীয় দল সংগঠন সমূহে কেনে নৈতিক দায়িত্ব পালন কৰি জাতিটোক উদ্ধাৰ কৰিবলৈ কেনেদৰে প্ৰয়াস কৰিব সেইযাও এই মূহুত্বত এক গভীৰ প্ৰশ্ন! আছু , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি জাতীয় দল সংগঠনৰ ভূমিকাও হ’ব অতিকৈ লক্ষনীয়। আনহাতে ৰাজ্যৰ বুদ্ধিজীবি আৰু শিল্পী সমাজেও জাতিটোক নিজৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে সঁহাৰি জনাই তাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব । কিয়নো শিল্পী সকলে এটা জাতিক সমাজৰ আগত প্ৰতিনিধিত্ব কৰে বুলি কলেও ভূল কোৱা বা বঢ়ায় কোৱা নহ’ব ।গতিকে ব’হাগ বিহুৰ পৰম্পৰা আৰু জাতিটোৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত শিল্পী সমাজেই যে এক অগ্ৰনী ভূমিকা পালন কৰিব লাগিব বা সেইয়া যে তেওঁলোকৰ নৈতিক দায়িত্ব সেই কথাও ভালকৈ মনত ৰখা উচিত। যদি তাকেই নকৰি সস্তীয়া জনপ্ৰিয়তা আৰু মুনাফা লাভৰ উদ্দেশ্যেৰে নিজৰ সংস্কৃতিক বিকৃত কৰি যুব প্ৰজন্মৰ সন্মূখৰ ডাঙি ধৰা,বা নিজৰ নৈতিক দায়িত্বৰ পৰা ফালৰি কটাটো সমূলঞ্চে অনুচিত।এই খিনিতে মন কৰিব লগীয়া যে অসমীয়াৰ ঐতিহ্য পৰম্পৰা ধৰি ৰখাটো যে কেৱল মাত্ৰ জাতীয় দল, সংগঠন,শিল্পী সমাজ বা বুদ্ধিজীবী সকলৰেই যে দায়িত্ব তেনে নহয়। আমি প্ৰত্যেকজন অসমীয়াই আমাৰ বাপতি সাহোন আৰু পৰম্পৰা ধৰি ৰখাটো খুবেই প্ৰয়োজনীয়তা আছে বা ই আমাৰ জন্মগত দায়িত্ব । নহ’লে সংস্কৃতিৰ ভঁৰাল হিচাপে পৰিচিত চহকী অসমীয়াৰ পৰিচয় এদিন অন্য ৰূপেহে প্ৰকাশ পাব । যিটো নেকি কোনো এজন অসমীয়াই ভূলটো কামনা নকৰে। সেয়েহে জাতিটোৰ কৃষ্টি সংস্কৃতি সমূহক আমি প্ৰকৃত আৰু শুদ্ধ ৰূপত প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা আছে।
“বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্ৰাণ
এনোৱা বিহুটি এৰিব লাগিলে
নৰ’ব অসমৰ মান”