Local, Vocal, Global

আজি বৰ্ষাপাৰাত বহু প্ৰতীক্ষিত IPLৰ মেচ;সাজু বৰ্ষাপাৰা ষ্টেডিয়াম…

ডিজিটেল ডেস্ক:- আজি বৰ্ষাপাৰাত বহু প্ৰতীক্ষিত IPLৰ মেচ।আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ খেল।সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল।আবেলি ৩ বজাত দৰ্শকৰ বাবে মুকলি কৰি দিব প্ৰৱেশ দ্বাৰ।খেলখনক লৈ উৎসাহী হৈ পৰিছে ক্ৰিকেট প্ৰেমিকসকলে।
IPLক লৈ মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা। দিনৰ ১১ বজাৰ পৰা ৬ এপ্ৰিলৰ ১ বজালৈ থাকিব নিষেধাজ্ঞা। আজি NH27 আৰু NH17ত বাণিজ্যিক মালবাহী বাহনৰ নিষেধাজ্ঞা।১১ বজাৰ পৰা ৬ এপ্ৰিলৰ নিশা ১ বজালৈ ১৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গধূৰ যান বাহন চলাচল কৰিব নোৱাৰিব।খেল চলি থকাৰ সময়ত এ কে আজাদ ৰোড আৰু এ কে দেৱ পথত বাণিজ্যিক আৰু তিনিচকীয়া বাহন ১ বজাৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব।আনহাতে খেলৰ সময়ত ষ্টেডিয়ামলৈ ভিতৰলৈ বহু সামগ্ৰী নিয়াতো বাধা আৰোপ কৰিছে।ষ্টেডিয়ামলৈ ভিতৰলৈ নিব নোৱাৰিব পানীৰ বটল,লাইটাৰ, শীতল পানী জাতীয় খাদ্য,বাদ্য যন্ত্ৰ,লোহাৰ বাকচ,আতচবাজি,হেলমেট,বেগ ।খেলৰ পূৰ্বে অনুষ্ঠিত হ’ব সাংস্কৃতি অনুষ্ঠান।মেচৰ পূৰ্বে শিল্পী জয় বৰুৱাৰ সংগীতানুষ্ঠান আৰু লগতে থাকিব উত্তৰ-পূবৰ ৭ ৰাজ্যৰ পৰম্পৰাগত নৃত্য। ৰাজস্থানী সংস্কৃতিৰ প্ৰতিফলনো দেখা পোৱা যাব সাংস্কৃতিক অনুষ্ঠানত। উত্তৰ পূবৰ বিভিন্ন সাংস্কৃতি দলে পৰিৱেশন কৰিব অনুষ্ঠান।