লুডু খেলক কেন্দ্ৰ কৰিয়েই লখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড
নিউজ ডেস্ক, ১৬ মে’- লখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড। লুডু খেলক কেন্দ্ৰ কৰি লখিমপুৰ মৈদমীয়াত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়।
এখন বিয়া ঘৰত চুৰিৰে হানি খুচি হত্যা কৰে ইচাদ আলী নামৰ যুৱকজনক। আনহাতে এই হত্যাকাণ্ড সংঘটিত কৰা যুৱকজনৰ নাম আফজত আলী।
পিঠি-বুকু-মুখত চুৰিৰে হানি-খুচি আঘাত কৰে আফজত আলীয়ে।ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে হত্যাকাৰী আফজত আলীয়ে। এখন লুডু খেলক লৈ কাজিয়াৰ সূত্ৰপাত হোৱা হত্যাকাৰীজনৰ লগত আছে আন কেইবাজনো লোক।
জানিব পৰা মতে, বিয়াৰ ৰভাতলীত বন্ধুৱে মিলি লুডু খেলি আছিল। পাছে সেই সময়তে খেল সমন্ধীয় কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয়। পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হয়।
এজাহাৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই তদন্তত আৰক্ষীয়ে আটক কৰিছে এজনক।