Local, Vocal, Global

The Kerala Story: ১১ মে’ত সতীৰ্থৰে দ্য কেৰেলা ষ্ট’ৰী চাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্ক, ৯ মে’: অহা ১১ মে’ত বহু বিতৰ্কিত ‘দ্যা কেৰেলা ষ্ট’ৰী’ ছবিখন চাব ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই । কেবিনেট সতীর্থ আৰু পৰিয়ালৰ সদস্যৰ লগত ছবিখন উপভোগ কৰিব মুখ্যমন্ত্ৰী ড০ শৰ্মাই । সোমবাৰে গুৱাহাটীত আয়োজিত সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কথা প্ৰকাশ কৰিছিল এই কথা (AssamCM Himanta Biswa Sarma) । মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলকো এই ছবিখন চোৱাৰ বাবে আহ্বান জনায় । কিন্তু ছবিখনৰ বিষয়বস্তুক লৈ কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰীগৰাকীয়ে । মাথো কলে, “আমি সকলোৱে ১১ মে’ত ছবিখন চাবলৈ যাম । মই ছবিখনৰ প্রচাৰ কৰিবলৈ যোৱা নাই । মই কেৱল বহি ছবিখন চাম।”

ইফালে পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন চৰকাৰে এই ছবিখন নিষিদ্ধ ঘোষণা কৰাৰ এদিন পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উত্তৰ প্ৰদেশত দ্য কেৰেলা ষ্ট’ৰী নামৰ এই বিতৰ্কিত ছবিখনক কৰমুক্ত ঘোষণা কৰিছে(The Kerala Story banned in West Bengal) । ইফালে পশ্চিম বংগ চৰকাৰে এই ছবিখনক নিষিদ্ধ কৰাৰ এদিন পিছতে আদিত্যনাথৰ এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে । মধ্যপ্ৰদেশৰ পিছত কেৰেলা ষ্ট’ৰীক কৰমুক্ত মৰ্যাদা প্ৰদান কৰা দ্বিতীয়খন ৰাজ্য হিচাবে পৰিগণিত হৈছে BJP শাসিত ৰাজ্য উত্তৰ প্ৰদেশ (The Kerala Story declared tax free in Uttar Pradesh) ।

অলপতে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কৰ্ণাটকত উপস্থিত হৈ এখন প্ৰচাৰ সভাত দিয়া ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ উদঙাই দিয়াৰ বাবে ছবিখনক প্ৰশংসা কৰিছিল (Prime Minister Narendra Modi praised The Kerala Story) । দেওবাৰে বেংগালুৰুৰ গৰুডা মলত বিতৰ্কিত ছবিখনৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল, য’ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উপভোগ কৰিছিল ছবিখন (BJP National President JP Nadda) । ছবিখন চোৱাৰ পিছত নাড্ডাই কয় যে, এই ছবিখনে অস্ত্ৰবিহীনভাৱে এক নতুন ধৰণৰ বিষাক্ত সন্ত্ৰাসবাদক তুলি ধৰিবলৈ সক্ষম হৈছে ।

ইয়াৰ পূৰ্বে শনিবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনত ছবিখন কৰমুক্ত হ’ব বুলি উল্লেখ কৰি কলে, “মধ্যপ্ৰদেশত আমি ইতিমধ্যে ধৰ্মান্তৰকৰণ নিষিদ্ধ কৰা আইনখন প্ৰণয়ন কৰিছো (Madhya Pradesh Chief Minister Shivraj Singh Chouhan) । এই ছবিখন সকলোৱে চোৱাটো উচিত, কাৰণ ছবিখনে ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সকলোৰে মাজত সজাগতা বৃদ্ধি কৰিব । তেখেতে পিতৃ-মাতৃ, সন্তান, কন্যা সকলোকে ছবিখন চাবৰ বাবে পৰামৰ্শ আগবঢ়াইছে ।

উল্লেখ্য যে, কেৰালাৰ মহিলাৰ এটা দলে ধৰ্মান্তৰিত হৈ উগ্ৰপন্থী সংগঠন ইছলামিক ষ্টেটত যোগদান কৰিবলৈ বাধ্য হোৱাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ।