চকু মুদি আছে বনবিভাগে, ডুমডুমাৰ বনাঞ্চলত বন ধ্বংস যজ্ঞ
নিউজ ডেস্ক: চকু মুদি আছে বনবিভাগে৷ বন বিভাগে চকু মুদি থকাৰ সময়তে বনদস্যুৱে তাণ্ডৱ আৰম্ভ কৰিছে৷ বনদস্যুৱে কাটি নিছে শ-শ মূল্যৱান গছ-গছনি৷
তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত বনাঞ্চলসমূহত বনদস্যুৰ বনধ্বংস যজ্ঞ অব্যাহত আছে। ডুমডুমা বন সংমণ্ডল অন্তৰ্গত দুৱাৰমৰা নলনি সংৰক্ষিত বনাঞ্চলত বনদস্যুৱে দিনে-নিশাৰ ভাগত গছ কাটি নি তহিলং কৰিছে। তেনে ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। দুৱাৰমৰা-নলনি সংৰক্ষিত বনাঞ্চলত ভিতৰভাগৰ মূল্যবান গছ কাটি তহিলং কৰা পাছত এতিয়া পথৰ দাতিৰ গছসমূহ কাটি তহিলং কৰিবলৈ আৰম্ভ কৰিছে বনদস্যুৱে। বন বিভাগ চকু মুদা কুলিৰ ভাও ধৰিছে৷ বন সংলক্ষণ কৰাত DFO ৰাজেন্দ্ৰ ভাৰতি সম্পূৰ্ণ ভাৱে ব্যৰ্থ হৈছে। বনাঞ্চল নিশেষ হোৱাৰ ফলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ জীৱ জন্তু ওলাই আহিছে জনাঞ্চললৈ। বনাঞ্চলৰ সমীপৱৰ্তী গাঁওসমূহত জীৱ জন্তুৱে বিভিন্ন অঘটন সংঘটিত কৰি আহিছে৷ বন দস্যুৱে বন বিভাগৰ সৈতে মিতিৰালি কৰি বন ধ্বংস কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷