Local, Vocal, Global

বগীবিলৰ জংকী পানৈ ৰিজৰ্টত গছপুলি ৰোপণ পদ্মশ্ৰী যাদৱ পায়েঙৰ

নিউজ ডেস্ক: বগীবিলত উপস্থিত অৰণ্য মানৱ যাদৱ পায়েং। বগীবিলৰ উত্তৰ পাৰত থকা জংকী পানৈ ৰিজৰ্টত গছপুলি ৰোপন পদ্মশ্ৰী যাদৱ পায়েঙৰ। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ অৰণ্য মানৱ যাদৱ পায়েঙৰ। বৃহৎ নদীবান্ধে ৰক্ষণাবেক্ষণ দিব নোৱাৰে প্ৰাকৃতিক পৰিৱেশ। উত্তৰ পূৰ্বাঞ্চলত নদীবান্ধৰ প্ৰয়োজন নাই নদীবান্ধৰ। নদীবান্ধ হ’লে পাহাৰৰ মাটি বৰষুণ দিলে কোমল হৈ পৰে। তাতে গছ গছনিও কাটিব লগীয়া হয়। তাৰ বিনিময়ত ফল ভোগ কৰিবলগীয়া হয় ৰাইজে। শেহতীয়া উদাহৰণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। দুইমুখৰ ইয়াডলিৰ নদীবান্ধ প্ৰকল্পটোৰ বাবে ৩০ কিলোমিটাৰ দূৰত্বলৈকে পানীৰ অভাৱৰ সন্মুখীন হ’বলগীয়া হৈছে। উত্তৰ পূৱত এশ বছৰৰ পিছত পানীৰ অভাৱ ঘটিব। গছ গছনি ৰুইহে পানীৰ ব্যৱস্থা কৰিব লাগিব। আহোম ৰাজত্বকালত শিৱসাগৰৰ ঘৰে ঘৰে পুখুৰী খন্দা হৈছিল। এতিয়া পুখুৰী খান্দি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব। গছ ৰুব নালাগে, গছ কাটিবও নালাগে। গছ নিজে গজিব।

ৰাজ্যত হৈ থকা প্ৰৱল গৰাখহনীয়া প্ৰসংগতো তাৎপৰ্যপূৰ্ণ মন্তব্য অৰণ্য মানৱ যাদৱ পায়েঙৰ। মকাল বাহ ৰুলে ৰোধ কৰিব পাৰি নদীৰ গৰাখহনীয়া। পাৰ্কুপাইনৰ পৰিৱৰ্তে নদীৰ দুয়োপাৰে দুশ মিটাৰ অন্তৰে অন্তৰে মকাল বাহ ৰোৱাৰ পৰামৰ্শ যাদৱ পায়েঙৰ। ছটাইত হোৱা গৱেষণাত প্ৰমাণিত হৈছে। এতিয়া এই প্ৰকল্পটোৰ কথা চৰকাৰে কি চিন্তা কৰিছে সেই বিষয়ে ক’ব পৰা হোৱা নাই। আমাজনত বিথিকা বনে নিয়ন্ত্ৰণ কৰিছে নদীৰ খহনীয়া। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত নদীসমূহৰ খৰস্ৰোতা বৃদ্ধি পাইছে।

প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে ৰাজ্যবাসীলৈ আহ্বান জনাই পায়েঙে আৰু কয় যে, ব্ৰহ্মপুত্ৰত ৪ ভাগৰ তিনি অংশ চৰচাপৰি আছে। সেইবিলাক সেউজীকৰণ কৰিব লাগিব। সেই কাৰণে কৰিব লাগিব কাৰণ এদিন গাঁওবিলাকো নগৰ হ’ব। জনসংখ্যাহে বেছি হৈছে, মাটি বেছি নাই। পৃথিৱীৰ আয়তন হ্ৰাস বেছি। নদ-নদীৰ খৰস্ৰোতা বৃদ্ধি পাইছে। বিদেশৰ পৰা বিথিকা বন পুলি অনা হৈছে। দহফুট দললৈ শিপাই থাকে। মুলাই কাঠনিত ৰুই পৰীক্ষণ সম্পন্ন কৰাৰ পিছত অসমৰ প্ৰতিটো চৰ চাপৰিত বিথিকা বন ৰুই ব্ৰহ্মপুত্ৰক সেউজী কৰা হ’ব। কাৰ্বন অক্সাইডৰ পৰিমাণ যথেষ্ট বিথিকা বনত।

উল্লেখযোগ্য যে, এই অনুষ্ঠানত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জহান দলে, প্ৰশান্ত বড়ি আদিকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।